পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮০
সটীক নামঘোষা

হৰিৰ কীৰ্ত্তন  বিনায় কলিত
 আন মহা লাভ নাই॥

 কলিকালত হৰিৰ নাম কীৰ্ত্তন কৰিলে অতি অপ্ৰয়াসে ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ আদি লাভ হয়। ভগৱানৰ নাম কীৰ্ত্তনৰ বাহিৰে কলি- কালত আন একোতে লাভ নাই অৰ্থাৎ আন কোনো উপায়ে কলি- কালত জীৱ তৰিব নোৱাৰে।

[ ৩৯০ ]

কলিৰ মলত  মজিলো গোবিন্দ
 গতি নাই মোৰ আন॥
তোমাৰ নামত কৰিলো আশ্ৰয়
 জানিয়া ধৰ্ম্ম প্ৰধান।

 হে গোবিন্দ, মই কলিৰ পাপত ডুব গলোঁ; তোমাৰ বাহিৰে আৰু মোৰ অন্ত গতি ( আশ্ৰয় ) নাই; সেই কাৰণে তোমাৰ নাম- গুণ, শ্ৰৱণ-কীৰ্ত্তনকে প্ৰধান ধৰ্ম্ম বুজি তাকে নিশ্চয় কৰি ধৰিলোঁ৷

চিদাদিত্যো হৃদাকাশে সদা ভাতি নিৰন্তৰং।
উদয়াস্ত মনে নাস্তি কথং সন্ধ্যামুপান্মহে॥

[ ৩৯১ ]

চৈতন্য আদিত্য হৃদয় আকাশে
 সৰ্ব্বদায়ে প্ৰকাশয়।