পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৯
সটীক নামঘোষা

 (কলিকাল নানা পাপযুক্ত হলেও বিশেষ কষ্টসাধ্য কাম নকৰাকৈ অতি সহজে হৰিনাম শ্ৰৱণ-কীৰ্ত্তন কৰি মোক্ষলাভ কৰিব পাৰি যেতিয়া—কলিকালত জন্মা লোকৰ ভাগ্যৰ কথা কৈ শেষ কৰিব নোৱাৰি; এই কালৰ লোকে ভগৱানৰ নাম-গুণ কীৰ্ত্তন কৰি সদায় হৰিপৰায়ণ হয়।

[ ৩৮৭ ]

মুকুত কৌটিৰ মাজত দুৰ্ল্লভ
 জানা নাৰায়পণৰ।
কলিযুগে হেন নাৰায়ণপৰ
 হৈবে লোক নিৰন্তৰ॥

 বহুত জীৱন্মুক্ত পুৰুষৰ মাজতো ভগৱৎ ভক্ত তোক বিৰল অৰ্থাৎ মানুহে নানা প্ৰকাৰ কষ্টকৰ সাধন কৰি জীৱম্মুক্ত অৱস্থা লাভ কৰিব পাৰে, ভগৱানক ভক্তি কৰি ভক্তিৰসত আপ্লুত হৈ থকা লোকহে বৰ কম; কিন্তু কলিকালত লোকে একান্ত মনে হৰিৰ নাম লৈয়ে সদায় এনে হৰিপৰায়ণ হব পাৰে।

ষত্ৰ সংকীৰ্ত্তনেনৈব সৰ্ব্বস্বাৰ্থোপলভ্যতে।
নহ্যতঃ পৰমো লাভো দেহিনাং ভ্ৰাম্যতামিহ॥৩৮৪

[ ৩৮৮ ]

কলিত হৰিৰ কীৰ্ত্তনত সুখে
 সৰ্ব্ব পুৰুষাৰ্থ পায়।