পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৭
সটীক নামঘোষ

কল্মষ—পাপ।

 হৰিৰ নাম গুণ কীৰ্ত্তন কৰিলে কলিৰ পাপ নষ্ট হয় অৰ্থাৎ মিছা, ফাঁকি, প্ৰৱঞ্চনা আদিয়ে লোকক পীড়িব নোৱাৰে, তাৰ ফলত জীৱে ৰোগ, শোক, তাপ আদিয়ে পীড়া কৰা সংসাৰৰপৰা অনায়াসে উদ্ধাৰ হৈ ভগৱানক পাব পাৰে।

[ ৩৮৩ ]

সমস্ত শাস্ত্ৰৰ পৰম নিৰ্ণীত
 হৰিগুণ নাম মাত্ৰ।
কলিৰ পৰম মলিন মনুষ্য
 সি ধৰ্ম্মৰ ভৈল পাত্ৰ॥

 বেদ-বেদান্ত আদি যিবোৰ শাস্ত্ৰ আছে, সকলোবোৰ শাস্ত্ৰতে কেৱল হৰিৰ নাম গুণ কীৰ্ত্তনকে সাৰ ধৰ্ম্ম বুলি স্থিৰ কৰিছে। এনে উৎকৃষ্ট আৰু সহজ ধৰ্ম্ম আচৰণৰ পাত্ৰ হল কলিকালৰ পাপী মানুহ— বিলাক; অৰ্থাৎ কলিকালৰ নানাৰূপ পাপৰ মাজত থকা লোকবিলাকে সহজ আৰু নিৰ্ম্মল হৰিৰ নাম-গুণ কীৰ্ত্তন আচৰণ কৰিবলৈ পালে।

[ ৩৮৪ ]

কলিৰ লোকক পৰম কৃপালু
 কৃষ্ণে কৰিলন্ত দায়া।
মোৰ গুণ-নাম গায়া মহা সুখে
 তৰোক দুষ্টৰ মায়া।