পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৬
সটীক নামঘোষা

 জন্মিবলৈ সদায় ইচ্ছা কৰে, কিয়নো কলিকালত জন্মি জীৱে হৰিনাম লৈ হৰি-পৰায়ণ হব পাৰে, সেই কাৰণে তেওঁলোকে ইচ্ছা কৰে, যেন তেওঁলোকে কলিত জন্মি হৰিৰ নাম লৈ হৰি-পৰায়ণ হব।

ঘোৰে কলিযুগে প্ৰাপ্তে সৰ্ব্বধৰ্ম্মবিবৰ্জ্জিতাঃ।
নাৰায়ণপৰাঃ মৰ্ত্ত্যান্তে কৃতাৰ্থা ন সংশয়ঃ॥৩৮১

[ ৩৮১ ]

ঘোৰ কলিযুগে  পাইলে সৰ্ব্ব ধৰ্ম্ম
 বৰ্জ্জিত ভৈলা নিশ্চয়।
নাৰায়ণ পৰ ভৈলে কৃতকৃত্য
 হোৱয় নাহি সংশয়॥

 ঘোৰ কলিকাল উপস্থিত হল; সকলো ধৰ্ম্ম-কৰ্ম্ম বৰ্জ্জিত হল অৰ্থাৎ পুণ্যাৰ্থে কৰা তপ, জপ, যাপ, যজ্ঞ আদি লোপ পালে। এই কালত নাৰায়ণপৰ অৰ্থাৎ নাৰায়ণক ভাল পাই তেওঁৰ নাম-গুণ, শ্ৰৱণ-কীৰ্ত্তন কৰিলে কৃতাৰ্থ হোৱা যায় অৰ্থাৎ ফললাভ স্বৰূপ মুক্তিলাভ হয়, তাৰ অলপো সংশয় নাই।

[ ৩৮২ ]

হৰি নাম গুণ কীৰ্ত্তন কলিৰ
 কল্মষ কৰি বিনাশ।
অনায়াসে ঘোৰ সংসাৰ তৰিয়া
 পাৱয় হৰিৰ পাশ॥