পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 সটীক নামঘোষ। [ ১৮ ] সমস্ত বেদান্ত সাৰ শ্ৰীভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই। পৰম সন্তোষে পান কৰিলে যি জনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। [ ঋক, যজুঃ, সাম আৰু অথৰ্ব্ব হিন্দুৰ এই চাৰি বেদ। কৃষ্ণ দ্বৈপায়ণ ব্যাসে বেদৰ মূল বস্তু ব্ৰহ্মক লৈ ব্ৰহ্মাৰ স্বৰূপ নিৰ্ণয় কৰি বেদান্ত শাস্ত্ৰ ৰচনা কৰে। বেদান্ত কঠিন দৰ্শন শাস্ত্ৰ; সৰ্ব সাধাৰণৰ সি বোধগম্য নহয়। সেয়ে এই বেদান্তৰ সাৰ ভাগ অৰ্থাৎ পৰমেশ্বৰ। এজনহে, এওঁক মাত্ৰ নিষ্কাম ভাৱে সেৱ'-পূজা কৰিব লাগে, ইয়াক দেখুৱাই শেষত মহাভাগৱত পুৰাণ ব্যসদেৱে ৰচনা কৰে।] মহা- ভাগৱত পুৰাণ গেটেই বেদান্তৰে সাৰভাগ, যি লোকে এই শাস্ত্ৰ পঢ়ি বা শুনি তাৰ অস্বিাদ লব পাৰিছে, অৰ্থাৎ এই শাস্ত্ৰত থকা এক দেৱক বিশ্বাস কৰি তেওঁৰ সেৱাত মন লগাব পাৰিছে, তেওঁ সেই ৰসতে মগ্ন থাকে; সেই এক দেৱ সেৱা ৰস এৰি, বহুত দেৱ-দেৱীৰ পূজা-সেৱাৰ বিধান থকা অন্ত শাস্ত্ৰ পঢ়িবলৈ বা শুনিবলৈ ইচ্ছা তেওঁ নকৰে। ভক্তি লব্ধৱতঃ সাধY: কিমদৱশিষ্যতে। শিক্ষা পীয় ষমতং পাতব্যং নাৰশিষ্যতে। [ ১৯] মহং ভাগৱত ৰল মাধৱৰ নাম যশ আক পান কৰিল যিজনে।