পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭১
সটীক নামঘোষা

বাগৰি বহুত পথাৰ তল নিয়ায়, সেইদৰে শাস্ত্ৰৰ মাজত লুকাই থকা বৈকুণ্ঠৰ বস্তু কৃষ্ণ-প্ৰেম শ্ৰীমন্ত শঙ্কৰে শাস্ত্ৰ মথি উলিয়াই দিয়াত গোটেই জগততে সি বিস্তাৰিত হৈ পৰিছে।

[৩৭২]

গোবিন্দৰ প্ৰেম অমৃতৰ নদী
 বহে বৈকুণ্ঠৰ পৰা।
চাৰি পুৰুষাৰ্থ তাহাৰ নিঝৰা
 হৰিনাম মুল ধাৰা॥

চাৰি পুৰুষাৰ্থ— ধৰ্ম, অৰ্থ, কাম, মোক্ষ।

 এই চাৰি বিধ পুৰুষাৰ্থৰ প্ৰত্যেক বিধৰে সৰল ব্যাখ্যা দিয়া হল।

 হৰিৰ প্ৰেমৰূপ অমৃতৰ নৈ বৈকুণ্ঠৰপৰা বস্তু অৰ্থাৎ বৈকুণ্ঠ বস্তু হৰি-প্ৰেম, নৈৰ আকাৰে পৃথিৱীলৈ নামি আহাৰদৰে শাস্ত্ৰৰ মাজেদি পৃথিৱীত প্ৰকাশ হয়; নৈৰ মূল ধাৰাৰদৰে হৰিনামেই হৈছে কৃষ্ণ-প্ৰেম জন্মাৰ প্ৰধান অৱলম্বন আৰু নৈতপৰা নিঝৰাৰদৰে ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষই হৈছে তাৰ লগতে লাগি অহা ফল অৰ্থাৎ হৰিনাম কীৰ্ত্তন কৰিলে হৰি-প্ৰেম জন্মে আৰু ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ চতুৰ্ব্বৰ্গ সাধন হয়।

[৩৭৩]

হৰিভক্তি দান  দিয়া জগতত
 তৰিলা সংসাৰ সিন্ধু।