পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭০
সটীক নামঘোষা

 যি মানুহে হৰি-কথা ৰসস্বৰূপ নিৰ্ম্মল অমৃত পান কৰে অৰ্থাৎ যি হৰি-কথা আলাপন কৃৰি অমৃতোপম সুখ উপভোগ কৰে, সংসাৰত এইসকল লোকৰ জন্মই সাৰ্থক; [ জীৱে অনেক জন্মৰ পাছত সকলো জন্মৰ কৰ্ম্মফল স্বৰূপ বুদ্ধি বিবেচনা সম্পন্ন মানৱ- জন্ম গ্ৰহণ কৰে। এই জন্মত হৰিক ভজিলে জীৱে মোক্ষ লাভ কৰিব পাৰে। যি মানুহে এই জন্মত হৰিক ভজি জন্মলাভৰ উদ্দেশ্য সাধন কৰে, তেওঁলোকৰ জন্মই সাৰ্থক ]।

শ্ৰীভাগৱতং মূলাধাৰা মোক্ষাদয়স্তস্য নিৰ্ঝৰাঃ।
ভগৱস্তক্তি নদী তস্যা বহতীহ বৈকুণ্ঠান্মধুৰা৷৷

(৩৭১—৩৭২)

বস্তু প্ৰকাশ

[ ৩৭১ ]

হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে
 প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা
 বহে ব্ৰহ্মাণ্ডক ভেদি॥

 হৰি-নাম-ৰস বৈকুণ্ঠৰ বস্তু অৰ্থাৎ বৈকুণ্ঠত ভক্তসকলে হৰি-নাম অহৰহ লৈ থকাত তাত সদায় নাম-ৰস ওপজে। বৈকুণ্ঠত হৰিৰ এই প্ৰেমৰূপ অমৃতৰ নৈ সদায় বয় অৰ্থাৎ বৈকুণ্ডবাসীসকল সদায় কৃষ্ণ-প্ৰেমত মতলীয়া। নৈৰ পাৰ ভাঙি দিলে যিদৰে তাৰ পানী