পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৯
সটীক নামঘোষা

নোৱাৰ মায়াৰ হাত অনায়াসে এৰাব পাৰে বা মায়াময় সংসাৰৰপৰা উদ্ধাৰ হব পাৰে।

[ ৩৬৯]

কলিৰ লোকৰ ভাগ্যৰ মহিমা
 কোনে কহি পাৱে পাৰ।
হৰি গুণ নাম  কলিৰ স্বধৰ্ম্ম
 সমস্তু শাস্ত্ৰৰ সাৰ॥

 এই কলিকালত জন্মলাভ কৰা লোকৰ সৌভাগ্যৰ মহিমাৰ কথা কৈ কেৱে শেষ কৰিব নোৱাৰে; কিয়নো সকলো শাস্ত্ৰৰ সাৰ স্বৰূপ অতি সহজ হৰিৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰাই কলিৰ নিজা ধৰ্ম্ম; অৰ্থাৎ অন্যান্য যুগত ঈশ্বৰক উপাসনা কৰাৰ নানা ৰকমৰ কষ্টসাধ্য ক্ৰম আৰু ব্যৱস্থা আছে, কলিকালত কিন্তু হৰিৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰাই ধৰ্ম্ম; ই অতি সহজ। স্ত্ৰী, শূদ্ৰ সকলোৱে অনায়াসে লব পাৰে, গতিকে কলিত জন্মা লোকসকলেই পৰম ভাগ্যবান।

[ ৩৭০ ]

হৰি কথা ৰস নিৰ্ম্মল অমৃত
 যিটো জনে পান কৰে।
সংসাৰ মধ্যত সি সি জন মাত্ৰ
 সফল জনম ধৰে॥