পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৮
সটীক নামঘোষা

 ধৰ্ম্ম সম্বন্ধীয় সকলো শাস্ত্ৰৰ শেষ সিদ্ধান্ত হৰিনাম-কীৰ্ত্তন। যি মানুহে হৰিকেই পৰম প্ৰিয়তম বুলি ধৰি হৰিৰ নাম গুণ-কীৰ্ত্তন কৰে সেই লোকেই ধৰ্ম্ম সম্বন্ধীয় সকলো শাস্ত্ৰ জনাৰদৰে হয়; আৰু তেওঁকেই সন্ত বা সাধু বোলে।

[ ৩৬৭]

যেৱে হৰিপদে শৰণ পশিলো
 হৰিনাম লৱে মুখে।
হৰিৰ প্ৰসাদ পাৱয় সিজনে
 মায়াক তৰয় সুখে॥

 যিজনে ভগৱন্তৰ চৰণত আশ্ৰয় লৈ যেতিয়া তেওঁৰ নাম একান্ত মনে কীৰ্ত্তন কৰে, সেই লোকে তেতিয়া ভগৱানৰ কৃপা পায়, আৰু অতি অনায়সে সংসাৰ মায়াৰ হাত সাৰে।

[ ৩৬৮ ]

ধন্য কলিযুগ ধন্য ৰাম নাম
 ধন্য ধন্য নৰকায়া।
ভাগ্যহীন জানো  জপি ৰাম নাম
 তৰয় দুষ্টৰ মায়া॥

 এই কলিযুগ ধন্য, ৰামনাম ধন্য আৰু এই মানৱ জন্মও ধন্য; কিয়নো এই কলিকালত দুখী দৰিদ্ৰ লোকেও অন্য খৰচ বহুল পূজা- পাতাল নকৰাকৈ কেৱল ৰামনাম জপ কৰিয়েই অতি কষ্টেৰে এৰাক