সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
সটীক নামঘোষা

এক প্ৰাণ হুয়া মহন্ত সকলে
 গাৱয় কহয় শুনে

 হৰিৰ গুণ চৰিতে জীৱন্মুক্তসকলৰো মন টানি আনে, অৰ্থাৎ হৰি-গুণ চৰিত ইমান ৰসযুক্ত আৰু আনন্দদায়ক যে, যি জীৱন্মুক্ত পুৰুষসকলে হৰিক ভবাৰ আৰু দৰকাৰ নাই, তেনে পুৰুষেও হৰিৰ গুণ চৰিত নাগাই থাকিব নোৱাৰে; সেই কাৰণে সাধুসকলে একেলগে মিলি হৰিৰ নাম-গুণ গায় আৰু আলাপ কৰে।

[ ৩৩৮ ]

হৰিৰ নামৰ অনন্ত প্ৰভাব
 কোনে কহি পাৱে সীমা।
সংসাৰ বিনাশে হৰিক প্ৰকাশে
 নামৰ মহা মহিমা॥

প্ৰভাৱ— তেজ, সামৰ্থ্য, মহিমা, শক্তি।

 ভগৱানৰ নামৰ শক্তিৰ শেষ নাই, তেওঁৰ নামৰ মহিমাৰ কথা কৈ কোনেও শেষ কৰিব নোৱাৰে; নামৰ এনে মহা শক্তি যে, ই সংসাৰ ভয় (জন্ম-মৃত্যুৰ ভয়) নাশ কৰে আৰু হৰিক প্ৰকাশ কৰে অৰ্থাৎ একান্ত মনে নাম লৈ থাকিলে মানুহৰ বিষয় বাসনা নাশ হয় আৰু তাৰ ফলত হৰিৰ দৰ্শন ঘটে।

[৩৩৯]

হৰিৰ নামৰ অনন্ত মহিমা
 জানি মহাজনে গান্ত।