পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ২৫১ ইদৃঢ় বিশ্বাস ( ৩৩৫ ] কৰি যিটোজন সদা ৰাম নাম গাৱে। তাক বাপদায় দিয়া দুষ্ট কলি দূৰত দূৰ পলায়ে। বাদায় দিয়া-ধৰ্মৰ পিতা বুলি, শ্ৰেষ্ঠ বুলি স্বীকাৰ কৰি বশ হৈ। গানেই সকলে, তেওঁক তজিলে সকলে, দুখ-দুৰ্গতি খণ্ডন হয়, সংসাৰৰপৰা উদ্ধাৰ হব পাৰি; এনে দৃঢ় বিশ্বাস কৰি যিলোকে ভগৱানৰ নাম নয়, সেই লোকক কলিয়ে ধৰ্মপিতা বুলি (শ্ৰেষ্ঠ গান কৰি) দূৰত বিহুৰ হৈ আঁতৰি যায়। [ ৩৩৬ ] অলপ অক্ষৰ ৰাম কৃষ্ণ নাম কোমলতো সুকোমল। ৰাম কৃষ্ণ নাম সবাৰৰ সুহৃদ মঙ্গলবৰ সুমঙ্গল। ভগৱানৰ ৰাম ‘কৃষ্ণ আদি নাম অলপ আখৰেৰে পঠিত হোৱা আৰু অতি কোমল অৰ্থাৎ এই নাম লবলৈ অতি সহজ। এই নামে জীবক গতি দিয়ে, গতিকে ই সকলোৰে হিতকাৰী বন্ধু আৰু অতি মঙ্গলদায়ক। [ ৩৩৭ ] মুকুত সবাৰে মনক টানিয়া আনয় হৰিৰ গুণে।