পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
সটীক নামঘোষা

[ ৩১৫ ]

হে হৰি মই অনাথক দয়া
 কৰিয়োক একবাৰ।
কৃপাৰেস তিতি অৰুণ বৰণ
 চৰণ ভৈল তোমাৰ॥

অৰুণ- ৰঙা, সিন্দুৰ, কুঙ্কুম।

 হে হৰি, মই নিৰাশ্ৰয়; [ কতবাৰ নৰতনু ধৰিলোঁ, কিন্তু তোমাৰ ভজিব পৰা মোক কপা নকৰিলা; ] এইবাৰলৈ প্ৰভু মোক কৃপ কৰা; তুমি কৃপাময়, কৃপাতে মাৰ চৰণেদি বৈ পৰিছে-কৃপা-ৰসতে তোমাৰ চৰণ ভিজি ৰঙা হৈ উঠিছে।

[ ৩১৬ ]

কৃপাৰ সাগৰ দৈৱকী নন্দন
 পূৰিয়ো মনৰ কাম।
ভকতৰ সঙ্গ সদা নুগুচোক
 মুখে তুৱা গুণ নাম॥

 হে দয়াৰ সাগৰ, দৈৱকীনন্দন, ভগৱান, মই সদায় যেন ভকতৰ সঙ্গ (সাধুসঙ্গ পাওঁ আৰু সিসকলৰ লগত থাকি যেন সদায় তোমাৰ নাম-গুণ লৈ থাকিব পাৰোঁ, এই মোৰ একান্ত অভিলাষ পূৰ্ণ কৰা।