পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
সটীক নামঘোষা

 এতেকে প্ৰভু, কৃপা কৰি মোৰ মনৰ সেই মায়া দূৰ কৰাঁ; তেহে মই তোমাৰ চৰণৰূপ ছত্ৰ কাষ চাপিব পাৰিম অৰ্থাৎ তোমাক একান্ত মনে ভাবি শান্তি লাভ কৰিব পাৰিম।

[ ৩১৩ ]

পতিত পাৱন ৰাম নাৰায়ণ
 চৰণে মোক উদ্ধাৰা।
আমি পতিতত পতিত পাৱন
 নামৰ পৰীক্ষা কৰা॥

 হে ৰাম, নাৰায়ণ আদি নাম ধৰোঁতা পতিত পাৱন, মোক তোৰ চৰণত আশ্ৰয় দি এই সংসাৰৰপৰা উদ্ধাৰ কৰা বা মুক্তি দিয়া। মই পতিত, মোক পৱিত্ৰ কৰি তোমাৰ নাম যে পতিতপাৱন অৰ্থাৎ তোমাৰ নাম ললে যে পতিতো পৱিত্ৰ হয় তাৰ চিনাকি দিয়া।

[ ৩১৪ ]

পতিত পাৱন প্ৰভু নাৰায়ণ
 প্ৰসিদ্ধ সমস্তজনে।
আমি মহাপাপী শৰণ পশিলো
 ৰাখিয়ো নিজ চৰণে॥

 হে প্ৰভু নাৰায়ণ, ভুমি পতিত পাৱন বুলি সকলোতে বিখ্যাত৷ মই মহাপাপী, মই একান্তমনে তোমাৰ আশ্ৰয় মাগিলোঁ, প্ৰভূ তোমাৰ চৰণত মোক ঠাই দি ৰাখা; অৰ্থাৎ তোমাক যাতে মই

চিন্তা আৰু ধাৰণা কৰিব পাৰোঁ, তেনে কৃপা মোক কৰা।