পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
সটীক নামঘোষা

অপাৰ্থক- প্ৰাৰ্থনা নকৰোঁতা; পাপমতি।

 হে নাৰায়ণ, মই এই সংসাৰত ডুব গৈ বৰ আতুৰ হলোঁ; অৰ্থাৎ নিৰুপায়ত পৰিলোঁ। হে কৃপাময়, তুমি এই ভক্তিহীন পাপমতিক তোমাৰ চৰণত আশ্ৰয় দি সংসাৰৰ পৰা উদ্ধাৰ কৰা। [তুমি কৃপাময়, মই ভক্তিহীন পাপমতি, কৃপা কৰি তুমি মোক তোমাৰ চৰণত আশ্ৰষ দি সংসাৰৰপৰা মোক উদ্ধাৰ কৰা বা মুক্তি দিয়া।]

[ ৩১২ ]

হে হৰি তযু মায়ায়ে আমাক
 ভাণ্ডিছে কৰি কপট।
দূৰ কৰা মায়া  চাপোহো তোমাৰ
 চৰণ ছত্ৰ নিকট॥

 [ মোৰ ঘৰ, মোৰ মাটি, মোৰ পুত্ৰ, মোৰ কন্যা এই যে 'মোৰ' 'মোৰ' ভাব, এই ভাবেই মায়া। মায়াক ভগৱানেই সৃষ্টি কৰিছে। 'মোৰ ভাব' বা মায়াত পৰিয়েই মানুহে একান্ত মনে ভগৱানক ভাবিব নোৱাৰে। আনকি 'মোৰ ভাব' বেচি হোৱাৰ কাৰণে ঈশ্বৰৰ নাম লবলৈ ধৰোঁতেও সংসাৰৰ ভাব আদি লগ ধৰে আৰু মনটোক চাৰিওফালে দৌৰায় লৈ ফুৰায়। এই কাৰণে কৈছে,] হে হৰি, তুমি স্ৰজন কৰা মায়াই মোক কপট ভাবে ঠগাইছে; অৰ্থাৎ মই মায়াত পৰাত একান্তমনে সৰলচিত্তে তোমাৰ নাম লব নোৱাৰাত পৰিছোঁ