পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
১৭
সটীক নামঘোষা


ৰকাৰাদীনি নামানি শৃন্বতে মম পাৰ্ব্বতি।
মনঃ প্ৰসন্নতামেতি ৰামনামাভিশঙ্কয়া॥

[ ১৪ ]

মহেশে বোলন্ত মোৰ  ৰকাৰাদি নাম শুনি
 পৰম প্ৰসন্ন হোৱে মন।
শুনিয়ো পাৰ্ব্বতী মই  মনত শঙ্কায়ো ৰঙ্গে
 ৰাম বুলিবেক ইটো জন॥

শঙ্কায়ো—( সংস্কৃত মূল ‘অভিশঙ্কয়া)= শঙ্কা কৰোঁ অৰ্থাৎ আশা- কৰোঁ।

 [ বাৰজন বৈষ্ণৱৰ ভিতৰত সদাশিৱ এজন। সদাশিৱ এসময়ত তেওঁৰ ভাৰ্য্যা পাৰ্ব্বতীৰ আগত কৈছিল :-] পাৰ্ব্বতী, ৰকাৰ আগত থকা শব্দৰ ‘ৰ’ শুনিলেই মোৰ মনত বৰ আনন্দ লাগে, কিয়নো সেই সময়ত মোৰ এনে আশা হয়, যেন ৰকাৰ উচ্চাৰণ কৰা মানুহে “ৰাম” হে বুলিব; অৰ্থাৎ ৰকাৰ আদিতে থকা পৰমেশ্বৰৰ ৰাম আদি নাম মোৰ এনে আনন্দদায়ক, যে গোটেই শব্দটো নালাগে তাৰ অংশ কেৱল “ৰকাৰ” শুনিলেই ৰাম বুলিব বুলি মোৰ মন আনন্দত নাচি উঠে।

প্ৰবিষ্টঃ কৰ্ণৰন্ধ্ৰেণ স্বানাং ভাব সৰোৰুহং;
ধূনোতি সমলং কৃষ্ণঃ সলিলস্য যথা শৰৎ॥