পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৪
সটীক নামঘোষা

তিনি তাপময় সংসাৰ নিকাৰ
 সহিতে নপাৰো আৰ॥

তিনিতাপ– আধ্যাত্মিক, আধিভৌতিক আৰু আধিদৈৱিক এই তিনি তাপ।

আধ্যাত্মিক তাপ— আত্মীয় বিয়োগ কষ্ট।

আধিভৌতিক— শাৰীৰিক পীড়া।

আধিদৈৱিক- স্বৰগৰপৰা আদিৰ দৰে দৈৱিক বিপদ।

 হে প্ৰভু, মই সংসাৰ ভয়ত বৰ আতুৰ; তোমাৰ চৰণত মোক আশ্ৰয় দি এই সংসাৰৰপৰা মোক মুক্তি দিয়া। তিনি তাপে ভৰা সংসাৰৰ দুখ কষ্ট আৰু মই সহিব নোৱাৰোঁ।

নমঃ কৃষ্ণায় দেৱায় ব্ৰহ্মণে সৰ্ব্বসাধিনে।
হৃষীকেশায় যোগায় ত্বামহং শৰণঃ গতঃ
নান্যং বদামি ন শৃণোমি ন চিন্তয়ামি।
নান্যং স্মৰামি ন ভজামি ন চাশয়ামি॥
ভক্ত্যা ত্বদীয় চৰণাম্বুজমন্তৰণে।
শ্ৰীশ্ৰীনিবাস পুৰুষোত্তম। দেহি দাস্যম্॥

(৩০৫-৩১০)

[৩০৫]

বাহিৰে ভিতৰে তুমি হৰি গুৰু
 আছাহা চৈতন্য ৰূপে।
দিয়োক সুমতি তুমি বিনে গতি
 নাহিকে কৈলো স্বৰূপে॥