পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩২
সটীক নামঘোষা

যম ৰাজা বুলি লন্ত সেহি জন
 যম যাতনাৰ পাত্ৰ॥

 যি মানুহে ঈশ্বৰত শৰণ লৈ তেওঁক চিন্তা নকৰি কেৱল ভাৰ্য্যা- পুত্ৰক পোহে অৰ্থাৎ নিজৰ পৰিয়ালৰ খোৱা-লোৱা আদিৰ বিষয়কে চিন্তা কৰি দিন নিয়ায়, যম ৰজাই সেই মানুহক তেওঁ পাপীক দিয়া যাতনাৰ যোগ্য বুলি কয়; অৰ্থাৎ সেই জীৱ নৰক ভোগৰহে উপযুক্ত। [পৰিজন পালন নিন্দা কৰা নাই। ঈশ্বৰ চিন্তা এৰি বিষয় চিন্তাত ৰত থকাকেহে নিন্দা কৰিছে।]

[ ৩০২ ]

হৰিৰ চৰণ নিচিন্তি চিন্তয়
 বিষয়ক দিনে ৰাতি।
শাস্ত্ৰৰ সম্মতে জানা সেহি জন
 ভৈল নিজ আত্মঘাতী॥

 যি মানুহে ঈশ্বৰক নাভাবি সদায় বিষয় চৰ্চ্চা কৰে অৰ্থাৎ মাটি-বাৰী, তিৰী-ছলি আদিৰ কথাকে চিন্তা কৰে, শাস্ত্ৰমতে সেইলোক আত্মঘাতী হল; অৰ্থাৎ হৰিক নভজাৰ ফল সেই জীৱে মুক্তিলাভ কৰিব নোৱাৰি, সংসাৰত ঘূৰি নানা দুখ-দুৰ্গতি ভোগ কৰিবলগা হয়।