পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩১
সটীক নামঘোষা

[ ৩০০ ]

আপোনাৰ জন্ম ভাৰত ভূমিত
 লভিলেক যিটো নৰ।
হৰিক নভজি কৰিল বিফল
 সিটো শোচ্য সমস্তৰ॥

শোচ্য - (শৌচ শুদ্ধি, পৱিত্ৰতা) পৱিত্ৰ কৰিবলগীয়া, শোচনীয়।

 যি বহুত জন্মৰ কৰ্ম্মৰ ফলত এই পৃথিৱীত মানুহ হৈ জম্মিল, সি যদি হৰিক ভৰি মনুষ্য জন্ম লাভৰ উদ্দেশ্য মুক্তি সাধনকে নকৰি তাক অথলে খেদায়, তেন্তে সেই লোক সকলো জীৱৰে পৱিত্ৰ কৰিবলগীয়া অৰ্থাৎ সি আটাইতকৈ শোচনীয় বা ঘৃণনীয়।

তানানয়ধ্বমসতো বিমুখান্মুকুন্দ-
 পাদাৰবিন্দ মকৰন্দ ৰসাদজস্ৰং।
নিষ্কিঞ্চনৈঃ পৰমহংসকুলৈ ৰসজ্ঞৈ-
 যুৰ্ষ্টাদগৃহে নিৰয়বত্বৰ্ণি বদ্ধতৃষ্ণান্॥

(৩০১-৩০২)

[ ৩০১ ]

হৰিৰ চৰণ নভজি কেৱলে
 পোষে পুত্ৰ-ভাৰ্য্যা মাত্ৰ।