পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
সটীক নামঘোষা

এহি পাপে নিজ ধৰ্ম্ম ভষ্ট হুয়া
 ঘোৰ নৰকত মাজে॥

 ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিও জাতিৰ অৰ্থাৎ সকলো মানুহৰ ঈশ্বৰ পিতৃৰূপ; যি মানুহে এই ঈশ্বৰৰ তত্ত্ব লৈ তেওঁক ভক্তি নকৰে, তেওঁ ঈশ্বৰক নভজাৰ ফলত ধৰ্ম্মৰ পৰা পিছলি পৰি অৰ্থাৎ অনাচাৰী হৈ পাপত ডুব যায়— পাপ কাম নকৰি থাকিব নোৱাৰা হয়।

অপুনৰ্জ্জন্মনি জন্ম ভাৰতে লভতে নৰঃ।
যন্তৎ কৰোতি বিফলং স শোচ্যঃ সৰ্ব্বজন্তষু॥

[ ২৯৯ ]

হৰিৰ চৰণে নভজে নকৰে
 আপোন দুঃখ খণ্ডিত॥
পৰমাৰ্থ তত্ত্ব বিচাৰি কৰিয়ো
 কেমনে সিটো পণ্ডিত॥

 যি মানুহে ভগৱানৰ ওচৰত আশ্ৰয় নলয় আৰু তাকে কৰি সংসাৰৰ দুখ খণ্ডন নকৰে অৰ্থাৎ, মুক্তিলাভ নকৰে, সেই লোক পণ্ডিত হলেও আচলতে তেওঁক জানা লোক কেনেকৈ বুলিব পাৰি? অৰ্থাৎ শাস্ত্ৰাদি পঢ়ি সকলো জানি ভগৱানক ভক্তি কৰি যদি মুক্তিকে লাভ কৰিব নোৱাৰে, তেন্তে তেওঁ জ্ঞানলাভ কৰাৰ ফল কি হল?