পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৯
সটীক নামষোৰা

হৰি ভকতিৰ পথত কপট
 পাতিলেক অমঙ্গল॥

বল- প্ৰভাৱ।

হৰি হৰি কি হল? কৃষ্ণৰ মায়াৰ কি প্ৰভাৱ? 'ভগৱানৰ মায়াৰ প্ৰভাৱ তই তেওঁৰ ভক্তিৰ পথত ওপৰত কোৱা এই কপটৰূপ বিঘিনি স্থাপন কৰিলে।

[ ২৯৭ ]

শাস্ত্ৰৰ বিচাৰ নজনে ভকতি
 পৰমাৰ্থ অতি মূঢ়।
হৰি কথা ছলে কৰ্ণত কুমন্ত্ৰ
 কহয় কৰিয়া গূঢ়॥

 ওপৰত কোৱা গুৰু নামধাৰী লোকসকলে শাস্ত্ৰৰ তত্ত্ব নাজানে, ঈশ্বৰক ভক্তি কেনেকৈ কৰিব লাগে তাক নাজানে, ধৰ্ম্মৰ গূঢ় তত্ত্ব কি তাকো নাজানে; তেওঁলোকে ঈশ্বৰৰ কথা কওঁ বুলি ছল কৰি অতি গুপুতভাৰ কাণৰ ওচৰত বেয়া কথাহে শিক্ষা দিয়ে।

য এনং পুৰুষং সাক্ষাদাত্ম প্ৰভৱমীশ্বৰং।
ন ভজন্ত্যবজানন্তি স্থানভ্ৰষ্টাঃ পতন্ত্যধ:॥

২৯৮ ]

চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ
 জানিয়া যিটো নভজে।