পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৩২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
সটীক নামঘোষা

নয়-যুক্তি, ব্যাখ্যা।

 ধৰ্ম্ম সম্বন্ধে শাস্ত্ৰৰ বিহিত মত এৰি যি কথা কোৱা যায়, তাক পাষণ্ড যুক্তি বা ব্যাখ্যা বুলিব পাৰি অৰ্থাৎ সি পৰমাৰ্থ মূলক কথায়েই নহয়, কেৱল স্বাৰ্থসিদ্ধিৰ নিমিত্তে কোৱা বিষয়ৰ কথাহে; এইবোৰেৰে মানুহে ভগৱানক পাব দূৰত থাওক, সংসাৰ ভয় অৰ্থাৎ ৰোগ, শোক, জৰা, ব্যাধিৰ চিন্তা আদিয়েই মানুহৰ দূৰ নহয়।

[ ২৯৫ ]

অন্ন যোনি কিছু নকৰে বিচাৰ
 জাতি কুল ভৈল ভ্ৰষ্ট।
বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়
 বেদ পথ কৰি নষ্ট॥

 শাস্ত্ৰ নজনা, সাধুসঙ্গ লাভ নকৰা আৰু গুৰু বোলাই ফুৰা কিছুমান লোকে মুখত সৰ্ব্বজীৱত সমভাৱ দেখুৱা ভাও জুৰি আত্মতুষ্টিৰ নিমিত্তে য'তে ত’তে খাই ফুৰ; আৰু ইন্দ্ৰিয় সুখৰ নিমিত্তে পৰ- দাৰগমন ৰূপ মহাপাপ আচৰণ কৰে। এইদৰে এইসকল লোকে চলাত বহুতৰ জাতি-কুল ভ্ৰষ্ট হল অৰ্থাৎ সমাজত ব্যভিচাৰ চলিল। এই মানুহবিলাকে কেৱল বৈষ্ণৱৰ ভেশ লৈ বেদ-বিহিত নিয়ম লঙ্ঘন কৰি ফুৰে।

[ ২৯৬ ]

হৰি হৰি হৰি কিনো ভৈল ইটো
 কৃষ্ণৰ মায়াৰ বল।