পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
সটীক নামঘোষ

আৰু আহি লৈ চলি ঈশ্বৰৰ তত্ত্বজ্ঞানো লাভ কৰা নাই, তথাপি পৰমেশ্বৰৰ মায়াত মোহ গৈ অৰ্থাৎ ধন, জন, মান, যশৰ আশাত প্ৰলুব্ধ হৈ নিজক ধৰ্ম্মৰ উপদেষ্টা বুলি অহঙ্কৰ কৰি ফুৰে।

[ ২৯৩ ]

নাজানে শাস্ত্ৰক শিষ্যৰ সংশয়
 নপাৰে দূৰ কৰিত।
তাৰ উপদেশে আনো নতৰয়
 আপোনে ভৈল বঞ্চিত॥

 এই গুৰু নামধাৰী লোকসকলে নিজে শাস্ত্ৰ নাজানে—শিষ্যৰ মনৰ সন্দেহো ভঞ্জন কৰি দিব নোৱাৰে। সেই কাৰণে এইসকলৰ উপদেশত তেওঁলোকৰ শিষ্যসকলে গতি লাভ কৰিব নোৱাৰে আৰু নিজেও অহঙ্কাৰৰ ফলত মুক্তি পথৰপৰা বঞ্চিত হয়; অৰ্থাৎ নিজে সাধুসঙ্গ লাভ কৰি যত্ন কৰি শাস্ত্ৰাদি পঢ়িলে আৰু উপদেশ ললে অন্ততঃ নিজৰ জন্ম সফল কৰিব পাৰিলেহেঁতেন, তেওঁলোক তাৰপৰাও বঞ্চিত হল।

[ ২৯৪ ]

শাস্ত্ৰমত এৰি যি কথা কহয়
 কেৱল পাষণ্ড নয়।
আছোক কৃষ্ণক পাইবে কদাচিত
 নুগুচে সংসাৰ-ভয়॥