পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
সটীক নামঘোষা


চতুৰ-নিপুণ, বুধিয়ক, জ্ঞানী।
নিদান- কাৰণ।
পুণ্যৰ নিদনভূত-পুণ্যৰ কাৰণে জন্ম।
পুণ্য- সুকৃতি, পৰলোকত সদগতি পোৱা কাম।
পুণ্যৰ নিদানভূত নাৰায়ণ নাম- সুকৰ্ম্ম কৰোঁতে কৰোঁতে জন্মা পুণ্য-
 লাভৰ উপায় স্বৰূপ ভগৱন্তৰ নাম।
অৰ্ধবাদ—অৰ্থ লৈ তৰ্ক, অৰ্থ বিচাৰ, কোনো কথাৰ অৰ্থত আপত্তি
 কৰি অন অৰ্থ, কৰা।
পাপৰ নিদানভুত নামে অৰ্থবাদ—নানা বেয়া কাম কৰাৰ ফলত,
 নামৰ অৰ্থ লৈ কৰা তৰ্কবাদ। নামত অৰ্থবাদ কৰিলে
 পাপ জন্মে, সেই কাৰণে নামৰ অৰ্থবাদ কৰাটো
 পাপৰ কাৰণ বুলি কৈছে।

[ নানা প্ৰকাৰ সৎকৰ্ম্ম কৰোঁতে কৰোঁতেহে তেনে লোকে আদি পুৰুষ ভগৱানৰ নাম অকপটে স্মৰণ কৰিব পাৰে; আৰু যিবিলাক মানুহে নানাবিধ কুকৰ্ম্ম কৰে, সেইবিলাকে ভগৱানৰ নামৰ অৰ্থত নানা আসোঁৱাহ উলিয়াই তৰ্ক কৰে। এই কাৰণে আগৰ বিধ লোকক চতুৰ আৰু পাচৰ বিধক অচতুৰ বোলা যায়।] যি লোকে অশেষ সুকৃতিৰ ফল স্বৰূপ নাৰায়ণ নাম স্মৰণ কৰে, সেয়েহে বুধিয়ক বা জ্ঞানী; তেওঁৰেই মনুষ্য জন্ম সাৰ্থক। যি মানুহে নানা কুকৰ্ম্মৰ ফল স্বৰূপ নামৰ অৰ্থ লৈ তৰ্ক-বিতৰ্ক কৰি সময় কটায়, সি অজ্ঞান বা হীনবুদ্ধিৰ লোক; অৰ্থাৎ দুষ্কৰ্ম্মৰ ফলতহে ‘নাম বলে নো কি হব, অমুক নামৰ অৰ্থ দেখে অমুকটোহে, ই নো মানুহৰ কি হিত সাধ্যি?” ইত্যাদি ভাৱবোৰ জন্মে, গতিকে এইবিলাক লোকক জ্ঞানী বুলিব নোৱাৰি।