পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১১
সটীক নামঘোষা

 ৰামনাম এনে ৰসময় অৰ্থাৎ ৰামনাম একান্তমনে লৈ থাকিলে হৃদয়ত এনে অনন্দ লাগে, যে সন্ত-সাধুসকলে মুক্তি-সুখকো কামনা নকৰি নিষ্কাম ভাবে সদায় ৰামনামকো শ্ৰৱণ-কীৰ্ত্তন কৰে; দুৰ্ম্মতি মানুহে এনে ৰসময় মধুৰ ৰামনামকো মুখত উচ্চাৰণ নকৰি অৰ্থাৎ একান্তমনে শ্ৰৱণ-কীৰ্ত্তন নকৰি পাপত ডুব যায়।

[ ২৮৩ ]

মুকুতি সুখক তেজি মহাজনে
 ৰামনাম কৰে আশা।
হেন হৰিনাম নলৈয়া কেমনে
 মৰে মলমতি নাশা॥

মলমতি—পাপমতি। নাশা—নিজক নাশ কৰোঁতা, নিজৰ অমঙ্গল কৰোঁতা৷

 সাধুসকলে মুক্তি-সুখকো ত্যাগ কৰি কেৱল ঈশ্বৰৰ নাম লৈ থাকিবলৈ সেই নাম পাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, এনে মঙ্গলময় আৰু আনন্দদায়ক ভগৱানৰ নাম একান্তমনে নলৈ নিজৰ অহিত কৰোঁতা পাপমতি লোকে কিয় পাপত ডুব যায় অৰ্থাৎ সংসাৰ বন্ধনত আবদ্ধ হয়, কব নোৱাৰোঁ৷

[ ২৮৪ ]

মুখ ভৰি ভৰি বোলা হৰি হৰি
 অক্ষয় পুণ্যক সঞ্চা৷