পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
সটীক নামঘোষা

নিদাৰুণ—নিৰ্দ্দয়, কঠোৰ, মৰম নথকা।

 যিসকল মানুহে মৃত্যুৰ মুখত পৰি আছে, অৰ্থাৎ কেতিয়া মৰে ঠিক নাই, সেই নিদাৰুণ (অৰ্থাৎ নিজ আত্মাৰ প্ৰতি বা নিজলৈ মৰম নথকা) সকলে হৰিনাম-কীৰ্ত্তন কৰি আত্মাৰ সদগতি সাধিবলৈ কিয় যত্ন নকৰে।

[ ২৮১ ]

ভাৰত ভূমিত জনম লভিয়া
 নভজে হৰি চৰণে।
সিটো জ্ঞানশূন্য পশুতো অধম
 জনম লভিলে কেনে॥

 যি এই ভাৰতবৰিষত নৰজন্ম ধৰি হৰিক নভজে সি জ্ঞানহীন পশুতকৈও অধম, কিয়বা সি এই পৃথিৱীত জন্ম ধৰিলে? [ পৃথিবীত নৰজন্ম ধৰাৰ বা কি সাৰ্থক হল? ]

[ ২৮২ ]

মুকুতি সুখক তেজি মহাজনে
 সদা ৰামনাম ধৰে।
হেন ৰাম নাম মুখত তেজিয়া
 কুমতি মনুষ্যে মৰে॥

মৰে—পাপত ডুব যায়৷