পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৯
সটীক নামঘোষা

আকলি-দেখি।

 মিছা, বেশ্যা, শঠতাত শ্ৰেষ্ঠ কলিকালে হৰি-ভক্তৰ দোষ ধৰিব নোৱাৰে অৰ্থাৎ কলিকালৰ পাপবোৰে হৰি-ভক্তক স্পৰ্শ কৰিব নোৱাৰে। এনে ভক্তই কোনো লৌকিক বা বেদাচাৰ লঙ্ঘন কৰিলে কিন্তু সজ্জন বা পতিত নাম ধাৰী সকলে তাক এৰি নিদিয়ে অৰ্থাৎ সেই বিষয় তেওঁলোকৰ বদনাম গাই ফুৰে।

[ ২৭৯ ]

হৰিৰ চৰণ সদা আৰাধস্ত
 ব্ৰহ্মা হৰ পুৰন্দৰ।
হেন হৰি পদে শৰণ নলৱে
 কিনো বুদ্ধিহীন নৰ॥

পুৰন্দৰ- ইন্দ্ৰ৷

 ব্ৰহ্মা, হৰ, ইন্দ্ৰ আদি ডাঙৰ ডাঙৰ দেৱতাসকলে ভগবানক সদায় উপাসনা কৰে; কিন্তু মানুহ হৈ এনেহেন হৰিচৰণত আশ্ৰয় নলয়—কি বুদ্ধিহীন!

[ ২৮০ ]

মৃত্যুৰ মুখত  সদায়ে পৰিয়া
 আছৰ যিসব নৰে।
সিটো নিদাৰুণ হৰি নাম গুণ
 কীৰ্ত্তন কেনে নকৰে॥