পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
সটীক নামঘোষা

বা ভক্ত ভগৱানৰে অভিন। এতেকে এনে ভক্তক যি নিন্দা কৰে সি ভগৱানকে নিন্দা কৰা হয়।

[ ২৭৭ ]

হৰি ভকতৰ দোষ নধৰয়
 যম কাল আৰ কলি।
ইসব কথাক যিটো নমানয়
 তিনিতো কৰিয়া বলী॥

 যম, কাল আৰু কলিয়ে ভক্তৰ কোনো দোষ ধৰিব নোৱাৰে অৰ্থাৎ বিৰক্ত ভক্তসকলে বেদাদিৰ বহিৰ্ভূত হৈ চলিলেও সিবিলাকক কোনো দোষে স্পৰ্শ কৰিব নোৱাৰে- [ভক্তসকলে শাস্ত্ৰাদিৰ নিৰ্দ্দিষ্ট নিয়ম লঙ্ঘন কৰাৰ ফলত সেই দোষতে যমে, কালে বা কলিয়ে সুবিধা পাই ভক্তৰ মুক্তিৰ পথ ভেটিব নোৱাৰে।] এই কথা যি বিশ্বাস নকৰে সেইবিলাক মানুহ যম, কাল কলিতকৈও বেছি বলী অৰ্থাৎ কঠোৰ।

[ ২৭৮ ]

হৰি ভকতৰ ছিদ্ৰ নধৰয়
 দুষ্ট শিৰোমণি কলি।
হেন ভকতৰ  কিঞ্চিত ছিদ্ৰক
 সজ্জনে থাকে আকলি॥