পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৬
সটীক নামঘোষা

এলাহত দিন কটালোঁ৷ মই মোহ এৰি হৰি ভক্তৰ সঙ্গ লৈ প্ৰিয়তম কৃষ্ণৰ নাম-গুণ নললোঁ৷

[ ২৭৩ ]

তুমি নিত্য নিৰ- ঞ্জন নাৰায়ণ
 আমিও অংশ তোমাৰ।
তযু সেৱা চোৰ পায়া মহামায়া
 মুহিলে মন আমাৰ॥

 হে কৃষ্ণ, তুমি নিত্য অৰ্থাৎ সৃষ্টিৰ আদি কালৰপৰা সদায় আহা আৰু থাকিবা, তুমি নিৰ্ম্মল, মোৰ আত্মাও তোমাৰেই অংশ; (কিন্তু) তোমাক নভজাৰ কাৰণে মায়াই সুবিধা পাই মোৰ মন মুগ্ধ কৰি মোক বিষয়ত আৱদ্ধ কৰি ৰাখিলে।

[২৭৪]

কিনো অপৰাধ  কৰি আছো আমি
 বান্ধৱ মাধৱ প্ৰাণ।
নাম ধৰি ডাকো  হিয়াত থাকিয়া
 কেনে নেদা সমিধান॥

 হে প্ৰাণ স্বৰূপ প্ৰিয়তম বন্ধু মাধৱ, মই তোমাৰ ওচৰত কি অপৰাধ কৰিছোঁ কব নোৱাৰোঁ; তোমাক নাম কাঢ়ি মই মাতি থাকোঁ, অথচ তুমি মোৰ অন্তৰত থাকিও উত্তৰ নিদিয়া।