পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৫
সটীক নামঘোষা

 সেই কাৰণে জনা লোকসকলে এই জন্মত ঈশ্বৰৰ নাম-গুণ-কীৰ্ত্তন কৰি মহাসুখে ভগৱানক ভক্তি কৰিব পৰা হয়, অৰ্থাৎ ভগৱানৰ নাম লৈ তেওঁৰ ৰসময় ভক্তিত মোহ গৈ তেওঁক ভক্তি কৰি থাকে।

[ ২৭১ ]

হৰি, গুণনাম শ্ৰৱণ কীৰ্ত্তনে
 কৰয় চিত্ত নিৰ্ম্মল।
হৰিৰ চৰণে কেৱল ভকতি
 লভিবাহা সুমঙ্গল॥

 ভগৱানৰ নাম গুণ, শ্ৰৱণ-কীৰ্ত্তন কৰিলে মানুহৰ অন্তৰৰ বেয়া ভাৱৰোৰ আঁতৰে, অন্তৰ বিশুদ্ধ হয়; আৰু কেৱল তেওঁৰ চৰণত ভক্তি কৰিলেই তাৰ ফলত সুমঙ্গল অৰ্থাৎ ধৰ্ম্ম, অৰ্থ কাম, মোক্ষৰূপ চতুৰ্ব্বৰ্গ সাধন হয় বা জীৱে মুক্তি পায়।

[ ২৭২]

কালগ্ৰস্ত গুয়া ভৈলো অচেতন
 বয়স গোৱাইলো হেলে।
বান্ধৱ কৃষ্ণৰ নাম নলৈলোহো
 হৰি ভকতৰ মেলে॥

 কালগ্ৰস্ত হয়—মৃত্যুৰ হাতত পৰি বা কলিকালৰ মোহত পৰি।

 কলিকালৰ লোভ, মোহ আদিৰ গৰাহত পৰি জ্ঞান হেৰুৱালোঁ; নিজক পাহৰিলোঁ; আৰু মিছাতে বিষয় সুখত মতলীয়া হৈ