পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
সটীক নামঘোষা

সমস্ত যোনিত পায়—গৰু, মহ, কুকুৰ, চৰাই, আদি সমস্ত জন্মতে ভোগ কৰিব পায়।

 [পশু, পক্ষী, কীট, পতঙ্গ আদি বস্তুত জন্মৰ মূৰত জীবে নৰতনু লাভ কৰে। মানুহৰ বিবেচনা শক্তি আছে, দয়া, ক্ষমা, আদি কোমল বৃত্তিবোৰ আছে, অন্যান্য জীৱৰ সেইবোৰ নাই; কিন্তু ভাৰ্য্যা-পুত্ৰ আদিৰ সম্বন্ধ অৰু চৰ্ব্ব্য, চৌষ্য, লেহ, পেয়, ঘ্ৰাণ, স্পৰ্শ আদি ইন্দ্ৰিয়ৰ সুখ সকলো জীৱৰে আছে।

 মানুহৰ অন্তৰত দয়া, ধৰ্ম্ম, ভক্তি আদি কোমল বৃত্তিবোৰ আৰু বিবেচনা শক্তি থকা বাবে মানুহে ভগৱানক ভজিব পাৰে, অন্যান্য জীৱে নোৱাৰে।

 সকলো জন্মতে ইন্দ্ৰিয় সুখ পাব পাৰি; কিন্তু অসংখ্য জন্মৰ পাচত বৰ কষ্ট কৰি লাভ কৰা মানৱ জন্মতহে ভগৱানৰ ভক্তি পাব পাৰি। অন্যান্য জন্মত জীৱৰ ভক্তি লাভ নহয়।

[ ২৭০ ]

মনুষ্য জনম লভিবাৰ ফল
 হৰিৰ কীৰ্ত্তন মাত্ৰ।
হৰিৰ কীৰ্ত্তন কৰি মহাসুখে
 হোৱে ভকতিৰ পাত্ৰ॥

 ভগৱানৰ নাম-গুণ কীৰ্ত্তন কৰিবৰ কাৰণেই জীৱৰ মানৱ জন্ম; অৰ্থাৎ অনেক জন্মৰ পাচত মানৱ জন্ম ধৰি ভগৱানক ভক্তি কৰি মুক্তি লভিবাৰ উদ্দেশ্যেই ঈশ্বৰে জীৱক শেষত নৰজন্ম দিছে।