পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১১
সটীক নামঘোষা

ত্ৰাহি হৰি বুলি  পশিয়ো শৰণ
 অভয় হৰি চৰণে॥

 গজেন্দ্ৰক গ্ৰহে ধৰাৰদৰে কালে সকলোকে মনে মনে গ্ৰাস কৰে অৰ্থাৎ গম নোপোৰাকৈ আয়ু টুটি আহি সকলোৰে মৃত্যু ওচৰ চপাই দিছে; কিন্তু কাৰো হলে তত চপা নাই অৰ্থাৎ মৰণ ওচৰ চাপিছে বুলি কেৱে গম পোৱা নাই, এতেকে বিলম্ব নকৰি “হে হৰি মোক ৰক্ষা কৰা,” বুলি ভগৱানৰ অভয় চৰণত আশ্ৰয় লোৱা অৰ্থাৎ কাতৰভাৱে ভগৱানক ভজা; তেতিয়াহলে তেওঁ মৃত্যুৰ হাতৰপৰা তোমাক উদ্ধাৰ কৰিব।

[ ২৬৫ ]

ভৃত্য ভয়হাৰী অপৰ দেৱতা
 নাহি হৰি সমসৰ।
প্ৰপন্ন জনৰ জানিবাহা হৰি
 বজ্ৰৰ যেন পঞ্জৰ॥

প্ৰাপন্ন- শৰণাগত,, আশ্ৰিত।

পঞ্জৰ- পিজৰা, বাহা, কঙ্কাল, বা জকা।

বজ্ৰ- ইন্দ্ৰৰ কুলিশ, বিষ্ণুৰ চক্ৰ, শিৱৰ ত্ৰিশূল, বৰ কঠিন অৰ্থতো

 বজ্ৰ শব্দ ব্যৱহাৰ হয়।

ঈশ্বৰৰ বাহিৰে আশ্ৰিতক অভয় দিওঁতা আন কোনো দেৱতা নাই , ভগৱান আশ্ৰিতজনৰ বজ্ৰৰ পিঞ্জৰাৰদৰে অৰ্থাৎ ইন্দ্ৰৰ বজ্ৰেৰ