পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১০
সটীক নামঘোষা

তং বীক্ষ্য পীড়িতমজ: সহসাবতীৰ্য্য
 সাহমাণ্ড সৰসঃ কৃপয়োজ্জহাৰ।
গ্ৰাহাদ্বিপাটিতং মুধাদৰিণা গজেশ্ৰং
 সম্পশ্যতাং হৰিৰমুমুচদুচ্ছ্ৰি য়ানাং॥২৬৩

[ ২৬৩ ]

গ্ৰাহগ্ৰস্ত হুয়া গজেন্দ্ৰে শৰণ
 লৈলা ত্ৰাহি হৰি বুলি।
তাহাঙ্ক তেখনে ৰাখিলন্ত আসি
 হাতে ধৰি চক্ৰ তুলি॥

 গজেন্দ্ৰে সৰোৰৰ পানী খাওঁতে গ্ৰাহৰ হাতত পৰি এৰাব। নোৱাৰি “হে হৰি মোক উদ্ধাৰ কৰা” বুলি ভগৱানত আশ্ৰয় লয়; ভগৱানে আতুৰৰ পৰা গজেন্দ্ৰৰ কাকুতিত তুষ্ট হৈ হাতত চক্ৰ লৈ (চক্ৰেৰে গ্ৰাহৰ মুখ ফালি) গ্ৰাহৰ হাতৰপৰা গজেন্দ্ৰক ৰক্ষা কৰে।

সংসাৰ কুপে পতিতং বিষয়েৰ্মুষিতেক্ষণং।
গ্ৰন্তং কালাহিনাত্মানং কোহান্যল্ৰাতুমীশ্বৰঃ।
প্ৰসীদ পৰমানন্দ প্ৰসীদ পৰমেশ্বৰ।
অধিব্যাধি ভুজঙ্গেন দষ্টং মামুদ্ধৰ প্ৰভো॥২৮৪

[ ২৬৪ ]

কাল গ্ৰাহে ধৰি  সবাকো গিলয়
 চেতন নাহিকে মনে।