পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৯
সটীক নামঘোষা

ইহাতে যদ্যপি সঞ্জাত নযোৱা
 লোৱা প্ৰহ্লাদত সাক্ষী॥

 জি লোকে একমনে হৰিকে আশ্ৰয় কৰি মুখত তেওঁৰ নাম শয় আৰু অন্তৰতো তেওঁৰ ধ্যান ধাৰণাকে কৰে, ভগৱানে সেই লোক সকলো সঙ্কট আপদত ৰক্ষা কৰি ফুৰে। (শাস্ত্ৰৰ) এই কথাত যদি তুমি পতিয়ন নোযোৱা তেন্তে প্ৰহ্লাদতে তাৰ প্ৰমাণ লোৱা; অৰ্থাৎ পৰম ভক্ত প্ৰহ্লাদে একান্তমনে ভগৱানক আৰাধনা কৰাৰ ফল কিদৰে হৰি-বৈৰী পিতৃৰ সকলো প্ৰকাৰৰ অত্যাচাৰ অনায়াসে সহ্য কৰিছিল, সেই কথালৈ মন কৰা।

[ ২৬২ ]

জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম
 যিজনে ফুৰে সুমৰি।
তাক মোৰ বুলি হাতে চক্ৰ ধৰি
 ৰাখিয়া ফুৰন্ত হৰি॥

 পৰমেশ্বৰৰ তত্ত্বজ্ঞান পায়েই হওক বা নোপোৱাকৈয়ে হওক, যিবিলাকে তেওঁক সদায় স্মৰণ কৰি ফুৰে অৰ্থাৎ ভগৱানক সততে মনত ৰাখি চলে, ভগৱানে সেই মানুহক আপোনজন বুলি ভাবি তেওঁৰ চক্ৰেৰে সততে ৰক্ষা কৰে। [হৰিনাম একান্তে লোৱাৰ ফলত

মানুহক বিপদে-আপদে পীড়িব নোৱাৰে।]

১৪