পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৬
সটীক নামঘোষা

তেওঁক উপলব্ধি কৰিবলৈ তোমালোকৰ ইচ্ছা আছে, তেন্তে যত্ন কৰি নিজ বুদ্ধি সত্ত্বস্থ অৰ্থাৎ, ধৰ্ম্ম, সত্য, দয়া আদি সাত্ত্বিক ভাবাপন্ন কৰা।

[ ২৫৬ ]

শাস্ত্ৰ গুৰুদবে শিষ্যক কৃপায়ে
 শুদ্ধ উপদেশ দিব।
শিষ্যসবে শুদ্ধ- ভাৱে নাচৰিলে
 তাৰাসবে কি কৰিব॥

 শাস্ত্ৰত সৎ উপদেশ আছে, পঢ়ি লব পাৰে; গুৰুৱেও অনুগ্ৰহ কৰি শিষ্যক ভাল উপদেশ দিব পাৰে, কিন্তু শিষ্যসকলে শুদ্ধভাৱে, শাস্ত্ৰ আৰু গুৰুৰ সেই উপদেশ গ্ৰহণ নকৰিলে শাস্ত্ৰ আৰু গুৰুৱে তেওঁলোকৰ কি হিত সাধিব?

[ ২৫৭ ]

শিষ্যসবে যেৱে মহা শুদ্ধভাৱে
 উপদেশ আচৰয়।
শাস্ত্ৰ গুৰু আপো-  নাকো সিটো শিষ্য
 তিনিকো ৰক্ষা কৰয়॥

 শিষ্যসকলে যদি শ্ৰদ্ধাৰেসৈতে শাস্ত্ৰ আৰু গুৰুৰ উপদেশ গ্ৰহণ কৰি সেইমতে কায়মনোবাক্যে চলে, তেনেহলে সেই শিষ্যসকলে শাস্ত্ৰ আৰু গুৰুৰ মান ৰক্ষা কৰা হয়, আৰু নিজকো বিষয় বাসনাৰপৰা মুক্ত কৰা হয়।