পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
সটীক নামঘোষা


শুনিলে নাইবা সেইমতে চলিলে নিষ্কাম ভাৱে পৰমেশ্বৰক ভজনা কৰাৰ ফলত লোক তৰিব পাৰে। যি মানুহে নিষ্কাম ভাৱে গুণাতীত ভগৱানত শৰণ লয়, তেওঁ ধৰ্ম্মতত্ত্ব সম্বন্ধীয় সকলো শাস্ত্ৰ পঢ়ি আয়ত্ত্ব কৰাৰ দৰে হয়; অৰ্থাৎ সেইবোৰ শাস্ত্ৰ শুনা আৰু সেইমতে চলাৰদৰে হয়।

অপৱিত্ৰঃ পৱিত্ৰো বা সৰ্ব্বাৱস্থাং গাতাহপিবা।
যঃ স্মৰেৎ পুণ্ডৰীকাক্ষং স বাহ্যাভ্যন্তৰঃ শুচিঃ॥

[ ১২ ]

অপৱিত্ৰ যিটো অতি  পবিত্ৰ হোৱে বা যদি
 সমস্ত অৱস্থা আছে পায়া।
কমললোচন যিটো সুমৰে তাৰেসে শুদ্ধ
 বাহিৰে ভিতৰে হোৱে কায়া।

অপৱিত্ৰ-অশুচি, অপৰিষ্কাৰ আৰু আচাৰত্ৰষ্ট।

পৱিত্ৰ-শুদ্ধ, গা ধুই নিকা কাপোৰ পিন্ধি ফুল চন্দন পোৰ,
 আচাৰ পালি চলা অৱস্থা।
অৱস্থা—দশা। দশা চাৰি প্ৰকাৰ—বাল্য, কৌমাৰ, যুবা আৰু
 বাৰ্দ্ধক্য। আছে পায়া—পাইছে অৰ্থাৎ পাই গৈছে।
কমল-লোচন—(লোচন কমল সদৃশ, অৰ্থাৎ পদ্ম ফুলৰ পাহিৰ
 চিন থকা চকু ) ঈশ্বৰ। ভক্তই সাকাৰ ভাৱে ঈশ্বৰক
 চিন্তাকৰোঁতে তেওঁৰ চকু কমল লোচন বুলি ধাৰণা
 কৰে;আৰু সেই চকুৰপৰা অনন্ত জ্যোতি বিস্তাৰিত হোৱা

 বুলি কল্পনা কৰে।