পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
সটীক নামঘোষ।

উপদেশ ক্ৰমে ৰাম ব্যৱস্থা মাত্ৰ পালনং।
জ্ঞানস্য কাৰণং শুদ্ধা শিষ্যপ্ৰজৈব কেবলং॥২৫।

[ ২৫৪ ]

শাস্ত্ৰ গুৰু উপ- দেশ ক্ৰম ৰাম
 ব্যৱস্থা মাত্ৰ পালন।
কেৱল শিষ্যৰ শুদ্ধ বুদ্ধি মাত্ৰ
 জ্ঞানৰ হোৱে কাৰণ॥

 শাস্ত্ৰ আৰু গুৰুৰ উপদেশ অনুসাৰে ব্যৱস্থা পালন কৰা হয় মাত্ৰ; অৰ্থাৎ এটা প্ৰণালীৱদ্ধ ভাৱে উলমূল নোহোৱাকে সাধন পথত অগ্ৰসৰ হোৱা যায়; আচলতে কিন্তু শিষ্যৰ নিজৰ শুদ্ধ বুদ্ধিয়েই তত্ত্ব-জ্ঞানৰ কাৰণ অৰ্থাৎ শিষ্য বুদ্ধি শুদ্ধ হলেহে তত্ত্বজ্ঞান লাভ কৰিব পাৰে; শাস্ত্ৰ আৰু গুৰুৱে তাত মাত্ৰ সহায় কৰে।

[ ২৫৫ ]

গুৰুৰ উপদেশ লব্ধ শিষ্যসবে
 উপদেশ সাৰ ধৰা।
যেৱে ঈশ্বৰক পাইবা যত্ন কৰি
 বুদ্ধিক সত্ত্বস্থ কৰা॥

 (এতেকে) গুৰুৰপৰা ঈশ্বৰৰ শৰণ-যোজন বিষয়ে শিক্ষা পোৱা শিষ্যসকলে এই সাৰ উপদেশ লোৰা- যদি ঈশ্বৰ দৰ্শন কৰিবলৈ বা