পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
সটীক নামঘোষ।

 যিবোৰ ধৰ্ম্ম সম্বন্ধীয় ক্ৰিয়াকাণ্ড নিৰ্দিষ্ট বিধি মানি কৰিব লাগে, সেইবোৰ আচৰণ কৰাৰ তোমাৰ অৱশ্যক নাই; কিয়নো নিৰ্দ্দিষ্ট বিধি মানি কৰিব নোৱাৰিলে সেইবোৰে শুভফল নিদিয়ে। হৰি গুণ-নাম বিধিৰ ওপৰত অৰ্থাৎ হৰিনাম লবলৈ কোনো বিধি বিধান মানি চলিব নালাগে; এনে সহজে সকলোৱে লবপাৰা হৰিনাম লবলৈ তুমি অত্যাস কৰা।

[ ২৫১ ]

মুকুতসকলে  গাৱে ৰামনাম
 ৰসত অধিক জানি।
মৃত্যুৰ মুখত পৰি ৰাম নাম
 নলৈবেক কোন প্ৰাণী॥

 যিসকল জীবন্মুক্ত সংসাৰ বিৰাগী, যাৰ ধৰ্ম্ম সম্বন্ধীয় কোনো কৰ্ম্ম কৰাৰ আৱশ্যক নাই, সেই সকলেও ভগৱানৰ নাম ৰস পাই তেওঁৰ নাম লয় ,এনে অৱস্থাত যিবিলাক আকৌ মৃত্যু মুখত পৰি আছে (কেতিয়া মৰে ঠিক নাই) বিষয়ীলোকসকলে যদি ৰাম নামৰ মোল বুজে, তেন্তে তাক নোলোৱাকৈ তেওঁলোকৰ কোন থাকিব পাৰে?

[ ২৫২ ]

ৰামনাম বিনা মৃত্যু এৰাইবাৰ
 আৱৰ উপায় নাই।