পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
সটীক নামঘোষা

 অন্য কামনা এৰি অৰ্থাৎ ফলৰ আশা কৰি অন্ধ দেৱ-দেৱীক পুজা-সৰৱা নকৰি ভগৱানৰ চৰণ-পদ্মত শৰণ লোৱা৷ ভগৱানৰ নাম সকলো প্ৰকাৰ ধৰ্ম্ম-কৰ্ম্মৰ ফল স্বৰূপ জানি তেওঁৰ নাম লবলৈ হেলা নকৰিব। [ ঈশ্বৰৰ নাম শ্ৰদ্ধাৰে ললে সকলো প্ৰকাৰ ধৰ্ম্ম-কৰ্ম্ম কৰাৰ ফল লাভ হব।]

[ ২৪৪ ]

পিয়ু পিয়ু ভাই  ভাৱকসকল
 হৰি নাম ৰস সাৰ।
আক পায়া মহা  মহন্তে কৰয়
 মুকুতিকো পৰিহাৰ॥

 হে তাবুক তাইসকল, অন্য ভাৱনা এৰি হৰি নাম-ৰস পাব কৰা অৰ্থাৎ হৰি নাম লৈ নাম ৰসৰপৰা জন্ম প্ৰেম-ৰসৰ আস্বাদ লোৱা। মহা মহা সাধুসকলে এই ভক্তি-ৰস পাই মুক্তিকো কামনা নকৰে। [ নাম ললে অন্তৰত যি ভক্তিৰস জন্মে, সেই প্ৰেমত সাধুসকলে ইমান মুগ্ধ হয়, যে অন্য কামনাতো তেওঁলোকৰ অন্তৰত নাথাকেই, আনকি মুক্তি কামনাও তেওঁলোকৰ হিয়াত উদয় নহয়।]

[ ২৪৫ ]

শুনিয়ো সজ্জন  ভজা নাৰায়ণ
 এৰিয়া বিষয় ৰাগ।