পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা [ হিন্দুৰে পিতৃ-পিতামহসকলৰ আত্মাৰ তৃপ্তিৰ নিমিত্তে বধি, দুগ্ধ, ঘিউ, মৌ আৰু পৱিত্ৰ তীৰ্থৰ জলেৰে পিণ্ড দান কৰে। পৰলোক- প্ৰাপ্ত পিতৃ-পিতামহসকলৰ ৰি সতি-সন্ততিয়ে এই পৃথিৱীত থাকি ভগৱানক আশ্ৰয় কৰি একান্ত মনে অকপট ভাৱে তেওঁৰ নাম-গুণ লয়, তাতেই পৰলোকত থকা পিতৃ-পিতামহৰ আত্মাই দধি, দুগ্ধ ঘিউ, মোৰে দিয়া পিণ্ড গাই তৃপ্তি পোৱাৰ দৰে সন্তোষ লাভ কৰে; সেই কাৰণে ভক্তিমাৰ্গৰ বৈষ্ণৱসকলে নাম-কীৰ্তন কৰি বিষ্ণু সাহেৰে পিতৃতৰ্পণ আদি কৰে। তেনাধীতং তং তেন তেন সৰ্বমনুষ্ঠিত। যেনং পৃষ্ঠতঃ কৃত্বা নৈৰাৱণশিত। { ১১] সেহিস সকল শাস্ত্ৰ পঢ়িলে শুনিলে সি সি অনুষ্ঠান সকলে কৰিল। নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমুখ তৈলা আশাক যিজনে পিঠি দিল। সমুখ ভৈল-আগত ওলল, দেখা দিলে, শৰণ ললে। নিৰাশা ঈশ্বৰ কৃষ্ণ-নিৰাশা স্বৰূপ ঈশ্বৰ কৃষ্ণ; পৰমেশ্বৰ তিনি গুণৰ বাহিৰ; সেয়ে তেওঁৰু নিৰাশা বোলা যায়। { পৰমেশ্বৰৰ তত্ত্ব থক। পুথিৰ শেষ সিদ্ধান্ত হৈছে—নিষ্কাম ভাৱে ভগৱন্তক ভজা আৰু তাৰ ফলত মুক্তি লাভ কৰা। পুথি পঢ়া বা না নাইবা সেইমতে চলা একে কথা; কিয়নো শাস্ত্ৰ পঢ়িলে বা