পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সীক নামঘোষা জীৱক যমৰ অধীন কৰিব পাৰে? [ হৰিনাম বলে যমৰ দাৰপৰা সাৰা যায়। [ ২২৯] নমো নিৰঞ্জন দানৰ গঞ্জন ভকত ৰঞ্জন ৰাম। গোপাল গোবিন্দ মুকুন্দ মুৰাৰি বোলা ভাই অবিশ্ৰাম। হে নিৰ্মল, দুষ্ট দমনকাৰ। আনন্দ দিওঁত ৰাম, তোমাক প্ৰণাম কৰে। ভাইসক, সকলোৱে ভগৱানৰ গোপাল, গোবিন্দ, মুকুন্দ, মুৰাৰি আদি নাম সদায় একান্তমনে লোৱা। [ ২৩ ] হৰিপদে ধৰ অন্যায় নকৰ দুজ্জন মন পামৰ। সাক্ষী হুয়া হৰি হিয়াৰ ভিতৰে আছে দেৱ দণ্ডধৰ। হৰ দুৰ্জন পামৰ মন, ভগৱানৰ চৰণত আশ্ৰয় ল, নিজে নিজৰ অহিত নকৰিবি অৰ্থাৎ বাহিৰত হৰিক ভজা দেখুৱাই অন্তৰত অন্ত ভাৱনা নকৰিবি, সৰল চিত্তে ভগৱানক চিন্তা কৰ; কিয়নো ভগৱান দণ্ডপৰ স্বৰূপে অৰ্থাৎ পাপ-পুণ্যৰ বিচাৰক হিচাবে সকলোৰে অন্তৰত সাক্ষী হৈ আছে, তেওঁক ফাকি দিয়া তোৰ অসম্ভৱ।