পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১৮৯ কৰি দূৰলৈ যাব নালাগে, নিজৰ মুখতেই হৰিনাম আছে, তুমি ইচ্ছা কৰিলেই নাম লব পাৰা; এতেকে হেলা নকৰি নাম লোৱা। [২২৭] গোপাল গোপাল গোপাল গোপাল গোপাল গোবিন্দ হৰি। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুলিয়ে আনন্দ কৰি। পৰমেশ্বৰৰ গোপাল, পোবল, হৰি, ৰাম, কৃষ্ণ আদি নাম আনমনে লোৰ। [ ২২৮] শীঘ্ৰ কৰিয়া বোলা বাম হৰি বিলম্ব নকৰা ভাই। কোননো নায়ক যমৰ দায়ক হৰিক সুহৃদ পাই। যষৰ-দায়ক-যমৰ যাতনা বা উৎপীড়ন। হে ভাই, ভগৱানক প্ৰিয়তম বন্ধুৰূপে গ্ৰহণ কৰি শীঘ্ৰে ৰাম, হৰি আদি ভগৱানৰ নাম একা স্তমনে লোৱা; কিয়নো তেওঁ নাম শলে এই বিশ্বত এনে কোন শক্তিশালী পুৰুষ আছে, যি