পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৮ সটীক নামঘোষ মিছা, ফাকি, প্ৰবঞ্চনা অ'দিয়ে চুব নোৱাৰে; তেওঁ একান্তমনে ভগৱানৰ নাম লোৱাৰ ফলত শুদ্ধ হৈ উঠে। [ ২২৫ ] হৰি গুণ-নাম অমৃত সাগৰে মজায়ো মন নিপুণ। সুখে সংসাৰৰ পাপ এৰাইবাহা নছাৰিবা হৰি গুণ। হে চতুৰ বা বুদ্ধিবান, তুমি হৰিৰ নাম-গুণ একান্তমনে লৈ নমি ৰস স্বৰূপ অমৃত সাগৰত তোমাৰ মন মগ্ন কৰা অৰ্থাৎ তুমি নাম লৈ নামতে তৃপ্ত হোৱা। হৰি নাম-গুণ লবলৈ নেৰিবা; হৰি নাম একান্তমনে ললে অনায়াসে সংসাৰৰ পাপ এৰিব পাৰিব। অৰ্থাৎ সংসাৰৰ পাপে তোমাক স্পৰ্শ কৰিব নোৱাৰিব -তুমি পৰি হাব। মুখ মাজে হৰি [ ২২৬] সদায়ে ভাবিয়ে ৰাম নাৰায়ণ আলাস কেনে কস। নামৰ নিবাস ভুলিয়া কেমনে বস। পৰমেশ্বৰৰ ৰাম-নাৰায়ণ আদি নাম সাৰ চিন্তা কৰা; নাম সবলৈ কিয় এলাহ কৰা? মুখতেই হৰিনাম আছে; এনে অৱস্থাত নাম লবলৈ পাহৰি কেনেকৈ থাকা? অৰ্থাৎ নাম লবলৈ পৰিশ্ৰম