পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। se জমতী—নিৰ্মলচিত্ত আৰু সৰ্বকামপ্ৰদ ব্ৰাহ্মণসকল। স্থাবৰ বা ভৌম তীৰ্থভূমিৰ অদ্ভুত প্ৰভাৱত, পানীৰ গুণ আৰু মুনিসকলৰ দ্বাৰা সেৱিত হোৱাত পৰিত্ৰ কাশী, গঙ্গা, পদ। ষোগ-জীবাত্মা আৰু পৰমৰ সংযোগ, ধান। যোগ আঠ বিষ ৰা যোগৰ অঙ্গ আঠটা। যেনে--যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা আৰু সমাধি। ভগৱানৰ কথা আলোচনা কৰোঁতে যি লোকে অলপ সময়ে। স্থিৰ মনে থাকি বিশ্বাসেৰে তাক শুনিব পাৰে, সেই লোকে সংসাৰৰ মানস, জঙ্গম, স্থাবৰ আদি যিমান তীৰ্থ আছে, সকলো তীৰ্থত স্নান আৰু নিয়ম আদি পালন কৰাৰ ফল পায়; সৎ ব্ৰাহ্মণ, দুখী-দৰিদ্ৰক কৰা দানৰ ফল লাভ কৰে; দেৱতা আৰু পিতৃলোকৰ তৃপৰ অৰ্থে কৰা হোম, শ্ৰাদ্ধ আৰু নিজে প্ৰাণায়াদি সাধন, কৰি কৰা বোগৰ ফলে। তেওঁ পায়। বিহায় সৰ্বকৰ্ম্মাণি ৰে কুৰ্বন্তি হৰে ৰতিং। আস্ফোটান্তি বন্তি তেষাং পিতৃ-পিতামহো। [30] যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লৈয়া হৰিগুণ গাৱে শুদ্ধ ভাৱে। দধি দুগ্ধ খৃত মধু নদীৰ জলক পিয়া পিতৃগণে তৃপিতিক পাৱে।