পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ১৮৩ সেহিসে মহন্ত তাৰাৰেসে মাত্ৰ সিজয় ধৰ্ম্ম সকল। যাৰ জিভাত সদায় হৰিৰ মঙ্গলময় নাম থাকে, অৰ্থাৎ যি সদায় হৰিৰ নামকে একান্তমনে উচ্চাৰণ কৰে, তেওঁকেই মহন্ত বোলে; আৰু তেওঁ ভগৱানৰ নাম সদায় লৈ থকাৰ কাৰণেই ধৰ্মৰ কৰা সকলো প্ৰকাৰ দান, তপ, যাগ, যজ্ঞ আদি কাম কৰাৰদৰে হয়। সদায় হৰিনাম লৈ থকা মাহে ধৰ্মাণে কৰিবলগীয়া সকলো কাম কৰাৰ ফললাভ কৰে।] [ ২১৭ } সমস্ত শাস্ত্ৰৰ তত্ত্বক জানিয়া নেয় নাম মুখত। সিটো মহাজনে অপ্ৰয়াসে তৰে সংসাৰ ঘোৰ দুখত॥ আমাৰ সকলো ধৰ্ম্মশাস্ত্ৰৰ তৎপৰ্য হৈছে হৰিনাম-কীৰ্ত্তন; যি লোকে ইয়াকে বুজি সদায় একান্তমনে ভগৱানৰ নাৰ লয়, তেওঁকেই মহাজন বোলে আৰু সেই মহাজন বা সাধুৰে সায় হৰিনাম লোৱাৰ ফলত সংসাৰৰ ঘোৰ দুখৰপৰা উদ্ধাৰ হয় অৰ্থাৎ সেই জীৱ পুনঃ পুনঃ সংসাৰত জন্মি নানা লালাত ভোগ কৰা আৰু মৃত্যু যন্ত্ৰণা পোৰাৰ পৰা উদ্ধাৰ হয় নাইবা মুক্তি পায়।