পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। ১৮১ ৰজ—এই গুণৰ প্ৰতাৱত অভিমান, অহঙ্কাৰ দাম্ভিকতা জন্মে। তম এই গুণৰ প্ৰাধান্যত আলস্য, নিদ্ৰা, অসূয়া আদিৰ প্ৰাৰ্য হয়। সত্ত্ব-এই গুণৰ প্ৰভাৱত মানুহৰ অন্তৰত সত্য, দয়া, তক্তি আদি জন্মে। ৰজ গুণৰপৰা উৎপন্ন হোৰা অভিমান, অহঙ্কাৰ আদি আৰু তম গুণৰপৰা উৎপন্ন হোৱা আশস্ত, নিদ্ৰা, অসুয়া আদি বৃত্তিবোৰ আসুৰী ভাৱৰহে অৰ্থাৎ এই বৃত্তিবোৰ মানুহৰ নহয়; অসুৰৰহে - এইবোৰে মানুহক অসুৰত পৰিণত কৰে। সত্য, ভক্তি, দয়া আদি শুদ্ধ বৃত্তি; এইবোৰ দেৱতাৰ বা স্বৰ্গীয়; এইবোৰে মানুহক দেৱতাৰ আসন দিয়ে। এতেকে ভাই, ৰজ-তমগুণৰ আৰী বৃত্তিবোৰ এৰি সত্ত্বগুণৰ দেৱভাৰ লৈ একান্তমনে তগৰানক আশ্ৰয় কৰি তেওঁক ভক্তি কৰা। [ ২১৪] মহন্তৰ সঙ্গে হৰি কথা ৰসে মনক ভজিয়ো ভাই। মায়াক এৰিয়া হৰি পাইবাৰ উপায় আৱৰ নাই। হে ভাই, সাধুৰ লগলাগি হৰি-কথা আলাপ কৰি বা হৰিৰ গুণ চৰিত্ৰ আলোচনা কৰি সেই আলাপতে নিজৰ মন মজাই দিয়া যেন মনে আন কথা শুনিবলৈ তাল নোপোৱা হয়, অন আলোচন কৰিবলৈ বেয়া পোৱা হয়। কিয়নো সংসাৰখন মৰুভূমিৰ মৰীচিকাৰ