পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা [ ২১২] তিনি গুণময় যত জ্ঞানকৰ্ম কেৱল বন্ধ কাৰণ। জানি তাক তেজি একান্ত ভকতি ভজিয়ো কৃষ্ণ চৰণ। জ্ঞানৰ্ম্ম-ঈশ্বৰ-জ্ঞান লাভৰ অৰ্থে কৰা কাম। ঈশ্বৰ-জ্ঞান লাভৰ অৰ্থে কৰা কামবোৰ সত্ব, ৰজ, তম গুণমুলক অৰ্থাৎ আমি যি যাগ, যজ্ঞ আদি কৰে, সেইবোৰ গুপমূলক সকাম কৰ্ম্ম; এইবোৰ কৰিলে ঈশ্বৰ-জ্ঞান হব পাৰে; কিন্তু তাৰ লগত ভক্তিৰ যোগ নহলে সি কেৱল উন্নততৰ জীৱন বা স্বৰ্গসুখ আদিহে দিব পাৰে, মুক্তি দিব নোৱাৰে; গতিকে ভক্তিহীন আন-কৰ্ম্মবোৰ বন্ধনৰহে হেতু; ইয়াকে জানি ভক্তিহীন জ্ঞান-কৰ্ম্মবোৰ এৰা; একান্তমনে ভগৱানত আশ্ৰয় লৈ তেওঁক ভক্তি কৰা। [ ২১৩] জো গুণ তম গুণময় বৃত্তি কেৱল আসুৰী ভাৰ। শুদ্ধ সত্ত্ব বৃত্তি দেৱৰ সম্পত্তি লৈয়া ভজা কৃষ্ণ পাৰ।