পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। ১৭৯ কৃতাৰ্থ কৰা কামৰ ফল লাভ কৰা; সফলকাম। সুখে-সহজতে, অনায়াসে। যি মানুহে নিজৰ পৰম শক্ত, আত্ম-কলুষিতকাৰী কাম, ক্ৰোধ, লোভ এৰি একান্তমনে ভগৱান কৃষ্ণক আশ্ৰয় কৰে, সেই মানুহেই ভগৱানৰ কৃপা লাভ কৰি কৃতাৰ্থ হয় আৰু অনায়াসে মুক্তিলাভ কৰে মাঞ্চ যোইব্যভিচাৰেণ ভক্তি যোগেন সেৱতে। সণান সমতীত্যৈতান ব্ৰহ্মভূয়ায় কল্পতে॥২১১ [ ২১১] কৃষ্ণকেসে মাত্ৰ ভজে যিটো জুন অব্যভিচাৰী ভকতি। তিনি গুণ অতি- ক্ৰমি ব্ৰহ্মৰূপ পাৰে সিটো মহামতি। অব্যভিচাৰী ভকতি—একমাত্ৰ ঈশ্বৰত কৃষ্ণত ৰতি। মুখত একমাত্ৰ কৃষ্ণ কথা কৈ মনত আন বহু দেৱতাক স্থান দিলে নাইবা আপদে বিপদেও আন দেৱতাক সেৱা-পুজা কৰিলে ভক্তি ব্যাভিচাৰী হয়। যি মানুহে একান্তমনে বিশুদ্ধভাৱে অকপট চিত্তে কেৱল কৃষ্ণকে ভক্তি কৰে, সেই সাধুলোকে সত্ত্ব ৰজ, তম, এই তিনি গুণৰ হাত সাৰি বা এই গুণ থকা সংসাৰৰপৰা মুক্ত হৈ ব্ৰহ্মৰূপ পাৰে নাইবা ব্ৰহ্মপদ লাভ কৰে—ব্ৰহ্মই হয়।