পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭৮ সটীক নামঘোষা [২৯] আত্ম-নাশ হেতু কাম-ক্ৰোধ-লোভ নৰকৰ তিনি দ্বাৰ। জানি আক তেজি কেৱল কৃষ্ণৰ ভকতিক কৰা সাৰ। হেতু- কাৰণ। আত্মক আধোগামী কৰাৰ কাৰণ বা মূল হৈছে কাম, ক্ৰোধ, লোভ; অৰ্থাৎ কাম, ক্ৰোধ আৰু লোভৰ উদগনিতেই জীৱে দুষ্কৰ্ম কৰি আত্মক কলুষিত কৰে; গতিকে এই তিনিয়েই নৰকলৈ নিয়া বা কৰ্মবন্ধনত পেলাই জীৱক সংসাৰত ঘূৰাই লৈ ফুৰোৰা তিনিখন দুৱাৰমুখৰ নিচিনা; এতেকে ভাই, কাম, ক্ৰোধ লোভৰ মহিমা বা শক্তি বুজি সিহঁতক ত্যাগ কৰা; অৰু একান্তমনে ভগৱানক ভক্তি কৰিবলৈ ঠিক কৰা। 31 এতৈৰ্বিমুক্ত কৌন্তেয় তমো দ্বাৰৈঞ্জিভিন্ন ৰৈ আচৰ্যাত্মনঃ শ্ৰেয়: তত বাতি পৰাং গতিম্॥২১০ [ ২১ ] কাম-ক্ৰোধ-লোভ তেজি যিটো জন ভজয় কৃষ্ণৰ পাৰে। কৃষ্ণৰ কৃপাত হোয় কৃতাৰ্থ সুখে মুকুতিক পাৰে।