সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পায় তাক সকল॥ পুৰোহিতৰ হতুৱাই বিষ্ণুৰ সহস্ৰ নাম তিনিবাৰ পাঠ কৰালে যি ফল পায়, কায়মনোবাক্যে নিজে কৃষ্ণ নাম এবাৰ ললে তাৰ সমান ফল পায়। ( ঈশ্বৰ প্ৰীতিৰ অৰ্থে আনৰ হতুৱাই নাম-কীৰ্ত্তন কৰোৱাতকৈ নিজে শ্ৰদ্ধাৰে একান্তমনে নাম-জপ কৰাই শ্ৰেষ্ঠ। ] ত্ৰিবিধং নৰকদেং বাৰং নাশনমাত্মনঃ। কাম-কোথা লোভদেতৎ এয়ং ত্যজেৎ। { ২০৮-২০৯} [ ২০৮] যতেক অনৰ্ধ আছে সংসাৰত তাতে তিনি বিধ সাৰ। কাম-ক্ৰোধ-লোভ আপোন মাশন জানি কৰা পৰিহাৰ। অনৰ্থ-অমঙ্গলকৰ। জীৱক অধোগামী কৰা যিমানবোৰ ৰিপু আছে, তাৰ ভিতৰত কাম, ক্ৰোধ আৰু লোভ এই তিনি বিধেই বেছি শক্ত। এতেকে হে ভাই, এই তিনি ৰিপুক নিজৰ অনিষ্টকাৰী বুলি বুজি ত্যাগ কৰা; অৰ্থাৎ ইহঁতক নিজৰ তলত ৰাখি চলোৱা, তোমাক পীড়িবলৈ নিদিবা। ১২