পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ সটীক নামঘোবা কৃষ্ণ নাম বিমানে পোৰা যায়, সিমানে ভাল লাগে, সিমানে লবলৈ ইচ্ছা যায়; সেয়ে সি বৰ মিঠ। নাম ললে বা নাম ৰতি বহিলে সংসাৰৰ পুখ, বিপদ, ৰোগ, শোকে জীৱক পীড কৰিব নোৱাৰে; সেই কাৰণে তাক মঙ্গলদায়কো বোলা বাৰ। গতিকে বৰ মিঠা আৰু মঙ্গলদায়ক ভগৱন্তৰ নাম আগ্ৰহেৰে বা অনিচ্ছাত লৈ লৈ তাত ৰতি বহালে বা অত্যাসত অহা কৰিলে দ গাতৰপৰা ৰত ধৰি ওপৰলৈ উঠিব পৰাৰ দৰে সেই নামকে আশ্ৰয় কৰি সংসাৰৰপৰা মানুহ উদ্ধাৰ হব পাৰে; অৰ্থাৎ জন্ম-মৃত্যুৰ হাত সাৰিব বা মুক্তিলাভ কৰিব পাৰে। স্নাতং তেন সমস্ততীৰ্থসলিলে দত্ব। চ পৃথ্বীং দ্বিজে, যজ্ঞানাঞ্চ দুতং সহস্ৰস্তুতং দেৱাশ্চ সম্পূজিতা। সম্বস্তেন সুতৰ্পিতাশ্চ পিতৰঃ স্বৰ্গ নীতা: পুনঃ, যস্য ব্ৰহ্ম বিচাৰণে ক্ষণমপি প্ৰাপোতি ধৈৰ্যং মনঃ [৯] যিটো জনে কৃষ্ণ কথা বিচাৰ সময় মনে ধৈৰ্য্য ধৰি ক্ষণেক থাকয়। যত তীৰ্থ স্নান দান দেৰ পিতৃ যজ্ঞ যাগ যোগদিৰে! ফলক পায়। তীৰ্থ—পুণ্যক্ষেত্ৰ, পাপ মোচনৰ কাৰণে মানুহ যি ঠাইলৈ যায়। তীৰ্থ তিনি বিধ-মানস, অঙ্গম আৰু স্থাৰ। মানস তীৰ্থ—সত্য, ক্ষমা, দয়া, মদ, দান, ইন্দ্ৰিয়-নিগ্ৰহ, সৰলতা, সন্তোষ, ব্ৰহ্মচৰ্য, মিষ্টবাক্য, জ্ঞান, ধৈৰ্য, পুণ্য, মনশুদ্ধি।